ফকৰা যোজনা কোষ

'অ'-ৰে আৰম্ভ হোৱা ফকৰা যোজনা

(8), (10), (4), (6), (9), (2), (5), (1), (5), (1), (3), (1), (2), (3), (2), (8), (4), (3), (14), (5), (9), (3), (3), (3), (4), (8), (5),
Submit one 'Fokora Jujona'

অকঁৰা মৈত উঠা |


অকঁৰা মানুহ মৈত (হাল্-বোৱা মাটি সমান কৰিবলে ব্যৱহাৰ কৰা যতন) উঠিলে এক অদ্ভূত আনন্দ পায় নামিব নোখোজা হয় | সেইদৰে কোনো ব্যক্তিয়ে এটা কামত লগাৰ পিছত এৰি নিদি অপ্রয়োজনীয় ভাবে তাতে লাগি থাকিলে এই ফকৰা ফাঁকি ব্যৱহাৰ কৰা হয় |
Some people continuously engage themselves in some work in a useless manner, even after the expected work gets over.

[ Contributed By: Pankaj Bora (পঙ্কজ বৰা), CCMB,Hyderabad/ Last Edited By: Bikram M Baruah, Abu Dhabi
Entered on 2008-03-13 22:05:46 ]

অকলশৰীয়া পহু, গায়ে মূৰে খহু


অকলশৰীয়া জীৱন সহজ নহয় ৷ বেমাৰত পৰিলেও চাবলৈ কোনো নাই ৷ সকলো সমস্যা অকলেই মুখামুখি হোৱাটো যঠেষ্ট কঠিন ৷
Living all alone is not easy. You have all the problems in the world to face and have only yourself to defend against them.

[ Contributed By: Rupankar Mahanta, ONGC, New Delhi
Entered on 2008-03-19 02:56:20 ]

অজ্ঞানীক জ্ঞান দি মনত পালোঁ কষ্ট,
কণীবোৰ ভঙাই পেলাই বাহো কৰিলোঁ নষ্ট |


বান্দৰ অতি মূৰ্খ প্ৰাণী | বৰষুণত তিতি-বুৰি জুপুৰি দিয়া বান্দৰবোৰক টোকোৰা চৰাইবিলাকে নিজৰ উদাহৰণ দেখুৱাই বাহ সাজিবলৈ উপদেশ দিছিল | কিন্তু মূৰ্খ বান্দৰবোৰে উপহাস কৰা বুলি ভাবি টোকোৰাৰ কণীবোৰো নষ্ট কৰিলে আৰু বাহবোৰো ভাঙিলে | ইয়াৰ দ্বাৰা ইয়াকে বুজাইছে যে মূৰ্খবোৰক সজ উপদেশ দিবলৈ যাওঁতে কেতিয়াবা সিহঁতে ভুল বুজি উপদেশকাৰীৰহে অনিষ্ট সাধন কৰে | গতিকে মূৰ্খক উপদেশ দিয়াটো অৰ্থহীন |


[ Contributed By: Biraj Kumar Kakati, Assam
Entered on 2008-03-28 06:30:21 ]

অতি ভক্তি চোৰৰ লক্ষণ


কোনোবাই যদি কিবা এটা কাম বা বস্তৰ পিছত প্ৰয়োজনতকৈ অধিক লাগি থাকে, তেনেহলে তাক সন্দেহৰ চকুৰে চোৱা উচিত ৷
Too much indulgement in something, than what is necessary, is a cause of concern

[ Contributed By: Rupankar Mahanta, ONGC, New Delhi
Entered on 2008-03-19 21:26:19 ]

অধিক মাছত বগলী কণা


বহু বিকল্প থাকিলে, কোনো এটা নিৰ্বাচন কৰাত অসুবিধা হয়
When there are lots of options available, it becomes difficult to select one.

[ Contributed By: Bikram M Baruah, Abu Dhabi
Entered on 2008-02-22 09:13:31 ]

অবুজনক বুজোৱা আৰু ঢেৰুৱা ঠাৰী সিজোৱা |


ঢেৰুৱা ঠাৰী যিমান সিজালেও কোমল নহয়, অজ্ঞানী লোকক যিমানেই ভাল কথা কোৱা নহওক কিয় কোনো ফল নধৰে | সদায় নিজৰ কথাতে আকোৰগোঁজ হৈ লাগি থাকে |
It is useless to give advices to those people who don't at all give respect to it.

[ Contributed By: Pankaj Bora (পঙ্কজ বৰা), CCMB,Hyderabad/ Last Edited By: Biraj Kumar Kakati, Assam
Entered on 2008-03-29 01:08:26 ]

অভাৱেই স্বভাৱ নষ্ট কৰে


অভাৱ পূৰণৰ প্ৰয়োজনত ভাল মানুহ এজনেও চুৰি বা বেয়া কাম কৰিব লগীয়াত পৰিব পাৰে ৷
The urge to steal may be a result of the urgency of a need and his poor financial situation in which he can not aford to meet the need in a honest way .

[ Contributed By: Rupankar Mahanta, ONGC, New Delhi
Entered on 2008-03-19 02:02:59 ]

অভ্যাসৰ নৰ কর্ণপথে কৰে শৰ ।


অভ্যাস কৰিলে কাণৰ ফুটায়েদিও কাঁড়/শৰ পাৰ কৰিব পাৰি । অর্থাৎ অভ্যাস কৰিলে অসাধ্য বুলি ভবা কামো সহজ হয় ।
One can pass an arrow through the hole of a human ear if he practises well i.e. one can do an hard task with the help of practice. English saying: Practice makes a man perfect.

[ Contributed By: Prasenjit Khanikar, Delhi/Jorhat/Charing/ Last Edited By: Bikram M Baruah, Abu Dhabi
Entered on 2008-02-28 09:28:20 ]